Show/Hide Keyboard Layout

কিয় চকুৱে চকুৱে চালা

- চাৰু গোঁহাই

কিয় চকুৱে চকুৱে চালা

চাই কিবা জানো বুজি পালা

মই বহাগৰ ডেউকাত উৰা

তোমাৰে মনৰ বতৰা ।

 

মোক যি দেখিলা তুমি

ভিতৰখন নাচাবা জুমি

যোৱা বহাগৰে পৰা

মোৰ মন তোমাৰে ভৰা ।

 

মই জ্বলোঁ উমি উমি

নিজক লাগে তুমি তুমি

তুমি যে দূৰণিৰ তৰা

নেপাওঁ মই নামনিৰ পৰা ।।

Hits: 3312